| ||
Script: ১ সপ্তাহৰ ভিতৰতে অভ্যন্তৰ কোষ ভৰৰ কোষবোৰে হাইপোব্লাস্ট আৰু এপিব্লাস্ট নামৰ দুটা স্তৰ সৃষ্টি কৰে। হাইপোব্লাস্টে কুহুমৰ মোনাৰ সৃষ্টি কৰে যাৰ মাজেৰে মাতৃয়ে ভ্রূণৰ আগতীয়া অৱস্থাত খাদ্য যোগান ধৰে। এপিব্লাস্টৰ কোষবোৰে এমনিয়ন নামৰ এক পাতল পর্দাৰ সৃষ্টি কৰে যাৰ ভিতৰত জন্ম নোহোৱালৈকে ভ্রূণ আৰু পাচত গর্ভৰ বিকাশ হয়। প্রায় ২ ১/২ সপ্তাহমানৰ পাচত এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ পাতল কোষ-ছাল বা এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম নামৰ পাতল কোষ-ছাল গঠন কৰে। এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ যেনেদৰে মস্তিষ্ক মেৰুদণ্ড স্নায়ু ছাল নখ আৰু চুলি ইত্যাদি সৃষ্টি কৰে। এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে আৰু প্রধান অঙ্গবোৰ যেনেদৰে কলিজা আৰু গঠন কৰে। মেচোডার্মে হৃদয়, মূত্রাশয়, হাড়, কোমলাস্থি, মাংসপেশী, তেজৰ কণিকা, আৰু অন্য গাঁথনিবোৰ গঠন কৰে। | ||
All ages referenced to fertilization, not last menstrual period. |